Meendhaar
I like to explore new places.
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेशनाशाय गोविंदाय नमो नमः ॥
08/09/2026
ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ আজি ওপজা দিনৰ শতবাৰ্ষিকীত জালুকবাৰীস্থিত তেখেতৰ অন্তিম শয়নস্থলীত উপস্থিত থাকিবলৈ পাই আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। আচলতে তেওঁৰ আকৰ্ষণ কি মই নাজানো, আজি বহু বছৰৰে পৰা তেখেতৰ জন্মদিন বা মৃত্যুদিনটোত মই য’তেই নাথাকোঁ কিয়, তেখেতৰ ওচৰলৈ আহোঁ। আজিও তাৰ ব্যতিক্ৰম নহ’ল। ভাবিলে সঁচাকৈয়ে আচৰিত লাগে— ড° ভূপেন হাজৰিকাদেৱে এনে এক সময়ত জন্মগ্ৰহণ কৰিছিল, যি সময়ত ছচিয়েল মিডিয়া নাছিল আৰু ৰেডিঅ’ বা টিভি কেৱল কিনাৰ সামৰ্থ্য থকা ব্যক্তিৰ ঘৰতহে আছিল। তেনে এক সময়তো তেওঁ অসমৰ চুকে-কোণে থকা প্ৰতিজন মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কেৱল অসমতেই নহয়, অসমৰ ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে তেওঁৰ গীত শুনিছিল। এতিয়াও সেই ধাৰা অব্যাহত আছে। মোৰ ভাবিলে আচৰিত লাগে, তেখেতে কিমান সুন্দৰকৈ আৰু কিমান তত্ত্বগধুৰ কথাৰে গীতবোৰ ৰচনা কৰিব পাৰিছিল ! প্ৰায়ে তেওঁৰ গীতবোৰ গুণগুণাওঁ আৰু সেই গীতসমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ আপোনাক ভূপেনদা, আপুনি আমাৰ বাবে, অসমীয়া জাতিটোৰ বাবে ইমানখিনি দি থৈ যোৱাৰ বাবে ।
26/01/2026
অসমবাসীৰ এটি সপোন
এতিয়া হ’ব দিঠক ।
26/01/2026
Happy Republic Day 🇮🇳
Today, we celebrate the strength of our democracy and the unity that binds us together. The magnificent parade at Kartavya Path showcased our rich heritage and cultural diversity. Let's take pride in being Indian and cherish the values that make our nation great!
20/01/2026
মৰমৰ জৰী 💞
কেতিয়াবা মৰমৰ জৰীৰ খুবেই প্ৰয়োজন হয় । নহয়নে ? ইজন-সিজন, সকলো যেন এই মৰমৰ জৰীৰেই বান্ধ খাই আছে । পিতৃ-মাতৃ, বন্ধু-বান্ধৱ সকলোৰে বান্ধোন কেৱল মাত্ৰ মৰমৰ ।
কেতিয়াবা আকৌ কোনোবাই কাৰোবাৰ কোমল হিয়াত মেৰিয়াই মেৰিয়াই বান্ধে-এই মৰমৰ জৰীৰে ।
মৰম সঁচাকৈয়ে বেলেগ অনুভূতি 💞
✍🏻মিনধৰ
20/01/2026
উলাহ মোৰ ওখ হিমালয় যেন চৰা ✨
বাগুৰুমবা দহৌ ২০২৬ | BAGURUMBA
18/01/2026
🙏
বাগুৰুমবা দহৌ ২০২৬ | BAGURUMBA | WORLD RECORD
17/01/2026
বাগুৰুমবা দহৌ ২০২৬ 💞
16/01/2026
বাগুৰুমবা দহৌ ২০২৬
Website
Alerts
Be the first to know and let us send you an email when Meendhaar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.